Logo
image

কেনে আছা ভাই! চন্দ্ৰযান-৩ক আদৰণি কক্ষপথত থকা আত্মীয় ‘অৰ্বিটাৰ’ৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ আগষ্টঃ আহা, আহা, তোমাক স্বাগতম! কি খবৰ ভাই? ধৰাৰ বুকুত নহয়, এয়া বহিৰ্বিশ্বত আত্মীয়ৰ সাক্ষাৎ৷ ৩ বছৰ ১১ মাহ ১৯ দিন নিঃসংগভাৱে চন্দ্ৰৰ চৌদিশে ঘূৰি থকাৰ পাছত চন্দ্ৰযান-২ৰ অৰ্বিটাৰে সন্মুখত চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমক দেখি এনেদৰেই আত্মীয়ৰ দৰে স্বাগতম জনালে সোমবাৰে৷ নিজৰ গ্ৰহৰ পৰা ৩,৮৪,৪০০ কিলোমিটাৰ দূৰৈত, মহাকাশৰ অচিন-আন্ধাৰ পৰিৱেশত, নিঃসংগ অৱস্থাত অকলে ঘূৰি ফুৰা অৰ্বিটাৰৰ সৈতে একেখন দেশৰ তৃতীয়টো চন্দ্ৰ অভিযানৰ অংগ লেণ্ডাৰ মডিউল বিক্ৰমৰ এই মুখামুখি এতিয়া বিৰলতম সাক্ষাৎ হিচাপেই চৰ্চিত হৈছে৷ সোমবাৰে দুয়ো পৰস্পৰৰ নিচেই কাষলৈ অহাত উভয়দিশৰ পৰা সংযোগ স্থাপন হয় আৰু প্ৰথমেই প্ৰায় চাৰিবছৰ ধৰি নিঃসংগে চন্দ্ৰক প্ৰদক্ষিণ কৰি থকা ভাৰতৰ অৰ্বিটাৰে বিক্ৰমক দেখি কৈ উঠে– হাই, ৱেলকাম বাডি! প্ৰত্যুত্তৰ দিয়ে বিক্ৰমেও৷ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ বাবে ৪৮ ঘণ্টাতকৈও কম সময় বাকী থকা অৱস্থাত বিক্ৰমৰ সৈতে চন্দ্ৰযান-২ৰ অৰ্বিটাৰৰ সাক্ষাৎ যান্ত্ৰিক হ’লেও নিশ্চিতভাৱে এয়া আছিল আত্মীয়তাৰ উমেৰে ভৰা৷ দুয়োখন চন্দ্ৰযানৰে পৰিচালক ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৱে এই বিৰলতম সাক্ষাতৰ তথ্য প্ৰকাশ কৰিছে আৰু উভয়েই পৰস্পৰৰ প্ৰতি সম্ভাষণ-প্ৰতিসম্ভাষণ বিনিময় কৰাৰ খবৰো জনাইছে দেশবাসীক৷ ইছৰ’ৰ বিজ্ঞানীৰ ভাষাত এয়া আছিল ‘টু ৱে কমিউনিকেছন্‌ছ’, অৰ্থাৎ উভয় দিশৰ পৰাই হোৱা সংযোগ৷ যিদৰে অৰ্বিটাৰে স্বাগতম জনাইছে সেইদৰে বিক্ৰমেও সঁহাৰি জনাইছে স্বাগতমৰ, ঠিক আত্মীয়ৰ দৰে, অৱশ্যেই এই আলাপ বন্ধুত্বসূলভ৷

প্ৰসংগত, ২০১৯ চনৰ ২২ জুলাইত ভাৰতে চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰিছিল চন্দ্ৰযান-২৷ ৬ ছেপ্টেম্বৰত চন্দ্ৰত অৱতৰণ কৰিবলৈ গৈ ভাগি পৰিছিল চন্দ্ৰযান-২ৰ লেণ্ডাৰ৷ সেই লেণ্ডাৰৰ নামো আছিল বিক্ৰম৷ অৱতৰণৰ পূৰ্বেই বিক্ৰমৰ পৰা পৃথক হৈ চন্দ্ৰক প্ৰদক্ষিণ কৰিবলৈ আৰম্ব কৰিছিল অৰ্বিটাৰে৷ তেতিয়াৰ পৰা আজিলৈ মুঠতে ৩ বছৰ ১১ মাহ চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে ভাৰতৰ অৰ্বিটাৰে৷ সেই অৰ্বিটাৰৰ আয়ুস হৈছে ৭ বছৰ ৬ মাহ৷ ২৩৭৯ কিলোগ্ৰাম ওজনৰ অৰ্বিটাৰে চন্দ্ৰক ১০০ কিলোমিটাৰ নিলগেৰে প্ৰদক্ষিণ কৰি আছে৷ উল্লেখ্য, ভাৰতৰ এই অৰ্বিটাৰক ইছৰ’ৱে পুনৰ পৃথিৱীলৈ ঘূৰাই আনিব নোৱাৰে৷ কিয়নো তাত তেনে কোনো ব্যৱস্থাই নাই৷ চন্দ্ৰৰ নূ্যনতম অভিকৰ্ষ বলৰ টানৰ ফলত ই চন্দ্ৰৰ কাষেৰে ঘূৰি থাকিব ৭ বছৰ ৬ মাহ৷ য’ৰ বাকী আছে চাৰে তিনি বছৰ আৰু তাৰ পাছত ই নিষ্ক্ৰিয় হৈ পৰিব৷ নিষ্ক্ৰিয় হ’লে অৰ্বিটাৰ চন্দ্ৰৰ বুকুত ভাগি পৰাৰ সম্ভাৱনাই অধিক৷ অথবা ই বিলীন হৈ যাব মহাকাশৰ অন্ধকাৰ গৰ্ভত, যিদৰে ২০০৯ চনত ভাৰতৰ প্ৰথমখন চন্দ্ৰযানৰ অৰ্বিটাৰ এবছৰৰ পাছত নিষ্ক্ৰিয় হৈ হেৰাই গৈছিল চন্দ্ৰৰ সমীপত, মহাকাশৰ বুকুত৷

আত্মীয়ৰ সৈতে সাক্ষাৎ হোৱা ভাৰতৰ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে অহা বুধবাৰে ভাৰতীয় সময়মতে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণৰ প্ৰস্তুতি চলাই আছে৷ কোনো সময়ত চন্দ্ৰৰ ২৫ কিলোমিটাৰ কাষলৈ আৰু কোনো সময়ত চন্দ্ৰৰ পৰা ১৩৪ কিলোমিটাৰ নিলগলৈ আঁতৰি উপবৃত্তাকাৰ পথেৰে ঘূৰি থকা বিক্ৰমে নিজৰ শৰীৰত সংযোজিত শক্তিশালী কেমেৰাৰে ফটো তুলি অৱতৰণৰ বাবে সুচল স্থানৰ সন্ধান কৰি আছে৷ এই লেণ্ডাৰ মডিউল বিক্ৰমৰ সৈতে আছে ৰ’ভাৰ মডিউল প্ৰজ্ঞান৷ দুয়ো একেলগ হৈ থাকিয়েই ইতিমধ্যে মূল চন্দ্ৰযান-৩ৰ ‘প্ৰপালছন’ৰ পৰা বৃহস্পতিবাৰে পৃথক হৈছে৷ প্ৰপালছন মডিউলে কেইবামাহ অথবা কেইবাবছৰ চন্দ্ৰক প্ৰদক্ষিণ কৰি থাকিব৷ ইয়াৰ সৈতে সংযোগ হৈ আছে ‘স্পেকট্ৰ’-প’লাৰিমেট্ৰি অব হেবিটেবল প্লেনেট আৰ্থ’ অথবা ‘শ্বেপ’ নামৰ যন্ত্ৰ, যি তাৰ পৰাই পৃথিৱীৰ পোহৰৰ কেতবোৰ জৰীপ চলাব৷ আনহাতে, সফল অৱতৰণ বা ‘ছফ্‌ট লেণ্ডিং’ কৰিবলৈ সক্ষম হ’লে লেণ্ডাৰ মডিউল বিক্ৰমৰ বুকুৰ পৰা চন্দ্ৰপৃষ্ঠলৈ ওলাই যাব লেণ্ডাৰ মডিউল প্ৰজ্ঞান৷ প্ৰজ্ঞানত সংযোগ কৰা আছে ‘চন্দ্ৰজ ছাৰফেচ থাৰ্ম’ফিজিকেল এক্সপেৰিমেণ্ট’, যি চন্দ্ৰৰ বুকুত জলকণিকা আৰু উষ্ণতাৰ পৰীক্ষা কৰিব৷ আন এটা যন্ত্ৰ ‘ইনষ্ট্ৰুমেণ্ট ফৰ লুনাৰ ছিছমিক এক্টিভিটী’য়ে চন্দ্ৰৰ পৃষ্ঠভূমিৰ কম্পন বা চন্দ্ৰকম্পৰ পৰীক্ষা চলাব আৰু ‘লেংগমুইৰ প্ৰ’বে’ প্লাজমাৰ ঘনত্বৰ পৰীক্ষা কৰিব৷ তাৰ বাবে দেশবাসীয়ে বুধবাৰৰ গধূলি ৬.০৪ বজালৈ অপেক্ষা কৰিব লাগিব৷