Logo
image

ব’ৰ্ডৰ দোষ নাই ! সদনতো একেখন ৰেকৰ্ডকে বজালে শিক্ষামন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ মাৰ্চঃ  ২৭ মাৰ্চত ঘোষণা হ’ব গুণোৎসৱৰ ফলাফল৷ গুণোৎসৱত এ প্লাছ লাভ কৰা বিদ্যালয়লৈ আগবঢ়োৱা হ’ব ২৫ হাজাৰকৈ টকাৰ পুৰস্কাৰ৷ মঙলবাৰে বিধানসভাত এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ শিক্ষাবিভাগৰ সাধাৰণ আলোচনাত ভাগ লৈ মন্ত্ৰী পেগুৱে কয়– ৰাজ্যত একাংশ বিদ্যালয়ত ছাত্ৰ-শিক্ষকৰ অনুপাত উন্নত যদিও বহু স্কুলত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক বহুত আছে৷ শিক্ষকৰ নাটনিৰ সমস্যা নাইকীয়া কৰিবলৈ ইতিমধ্যে ৰেছনেলাইজেচনৰ পদক্ষেপ হাতত লোৱা হৈছে৷ পূৰ্বে আইনগত বাধাৰ বাবে শিক্ষক বদলি বন্ধ হৈ আছিল৷ সেই বাধা আঁতৰ হোৱাত বহু শিক্ষকৰ বদলিত অনুমোদন জনোৱা হৈছে যদিও তালৈ আন শিক্ষক গৈ নোপোৱা বাবে বদলিৰ নিৰ্দেশ লাভ কৰা শিক্ষককো বিদ্যালয় এৰি আহিবলৈ দিয়া নাই৷ ধুবুৰী-মানকাচৰত ছাত্ৰ-শিক্ষকৰ অনুপাত উন্নত৷ চৰ এলেকাত শিক্ষকৰ অভাৱ দূৰ কৰাৰ বাবে কেৱল চৰ এলেকাৰ পৰ্যায়ত ক্লাষ্টাৰ পৰ্যায়ত নিযুক্তি দিয়াৰ কথা চিন্তা-চৰ্চা কৰা হৈছে৷


চৰত কাম কৰিব বিচৰা প্ৰাৰ্থীক ৫/১০ অধিক নম্বৰ দিয়াৰ কথা চিন্তা কৰিছোঁ৷ ৰাজ্যত শিক্ষকৰ অভাৱ থকা বিদ্যালয়ত ইনটাৰ্নশ্বীপ হিচাপে বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক নিযুক্ত কৰাৰ কথা চিন্তা চৰ্চা কৰা হৈছে৷ এনেধৰণে ইনটাৰ্নশ্বীপ কৰিবলৈ যাতে বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী আহে তাৰ বাবে এবছৰীয়া ফেল’শ্বীপৰ কথাও চিন্তা-চৰ্চা কৰিছে চৰকাৰে৷ তেওঁ আৰু কয়– টিউটৰ হিচাপে নিযুক্তি লাভ কৰাসকলে যদি ৫ বছৰৰ ভিতৰত প্ৰয়োজনীয় অৰ্হতা অৰ্জন কৰে তেওঁলোকক একেলগে নিয়মীয়াভাৱে নিযুক্তি দিব পৰা যাব৷ ৫ বছৰতকৈ অধিক সময়ত প্ৰয়োজনীয় অৰ্হতা অৰ্জন কৰিলেও নিয়মীয়াভাৱে নিযুক্তি দিয়াত আইনগত বাধা আছে৷ আনহাতে, প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত মন্ত্ৰী পেগুৱে কয়– হয়, প্ৰশ্নকাকত ফাদিল হৈছে৷ কিন্তু ইয়াৰ বাবে ব’ৰ্ডৰ অৰ্থাৎ বিদ্যালয় শিক্ষা পৰিষদৰ দোষ নাই৷ একাদশ শ্ৰেণীৰ পৰীক্ষা আগতে বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত হৈছিল৷ এইবছৰৰ পৰা ব’ৰ্ডে পাতিবলৈ লৈছে৷ বিদ্যালয়সমূহক বিশ্বাসত লৈ আগবঢ়া বাবে এই সমস্যা হ’ল৷ এতিয়া কথা হৈছে আমি বিদ্যালয়সমূহক আস্থাত ল’ম নে নল’ম৷ এতিয়া এই প্ৰশ্নও আহিছে বেচৰকাৰী খণ্ডৰ বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত কৰিম নে নকৰিম৷ ইতিমধ্যে প্ৰশ্নকাকত ফাদিলত জড়িত ১৫খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে৷ তেওঁলোকে এইবেলি একাদশ শ্ৰেণীত নামভৰ্তি কৰাব নোৱাৰে৷ বেচৰকাৰী বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত কৰিম নে নকৰিম তাক লৈও নতুনকৈ চিন্তা-চৰ্চা কৰিব লাগিব৷