
মাহৰ পাছত মাহ বিল অনাদায়, ৰঙালী কঙালী হোৱাৰ উপক্ৰম
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩১ মাৰ্চঃ চাওঁতে চাওঁতে চকুৰ আগতে এটা বিত্তীয় বৰ্ষৰ অন্ত পৰিল৷ বিত্তীয় বৰ্ষৰ অন্তিমটো দিন অৰ্থাৎ ৩১ মাৰ্চ মানে চৰকাৰী বিভাগসমূহৰ সৈতে ঠিকাদাৰ-যোগানিয়াৰৰ দেনা-পাওনাৰ হিচাপ মিলোৱাৰ সময়৷ এক কথাত মাৰ্চ এণ্ডিং মানেই ঠিকাদাৰ-যোগানিয়াৰক চৰকাৰী কামৰ বাবদ প্ৰাপ্য মোকলাই দিয়াৰ নিয়ম৷ ঠিকাদাৰসকলক বছৰটোৰ সকলো বিলৰ লেনদেন প্ৰতিবছৰে মাৰ্চ মাহত সমাপ্ত কৰি আহিছে দিছপুৰে৷ কিন্তু এইবাৰ যেন মাৰ্চ এণ্ডিং ঠিকাদাৰ-যোগানিয়াৰসকলৰ বাবে সুখকৰ নহ’ল৷ যাৰ বাবে এইবাৰ ৰঙালী বিহু খাবলৈ নাপাব ৰাজ্যৰ ঠিকাদাৰসকলে৷ সোমবাৰে বিত্তীয় বৰ্ষটো অন্ত পৰিল যদিও লোকনিৰ্মাণ বিভাগকে ধৰি ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰে প্ৰায়সংখ্যক ঠিকাদাৰেই বিলৰ ফুটাকড়ি এটাও লাভ নকৰিলে৷ ৩১ মাৰ্চৰ দিনটোত দিছপুৰে ঠিকা কামৰ বাবদ প্ৰাপ্য বিলৰ ধন মোকলাই নিদিয়াত মূৰে-কপালে হাত দিবলগীয়া হৈছে ঠিকাদাৰ-যোগানিয়াৰসকলে৷ কিয়নো ঠিকাৰ নামত বেংকৰ পৰা ধাৰ-ঋণ লৈ নিৰ্ধাৰিত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰি বিভাগক চমজাই দিয়াৰ পাছতো বছৰৰ শেষত বিলৰ ধনকেইটা মোকলাই নিদিয়াত সৰু-বৰ সকলো ঠিকাদাৰেই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ কিয়নো বিল লাভ নকৰাত ঋণ পৰিশোধ কৰিব নোৱাৰি হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে ঠিকাদাৰসকলে৷ বিশেষকৈ সোমবাৰে ঈদৰ বন্ধৰ দিনটোতো চানমাৰিস্থিতি লোকনিৰ্মাণ বিভাগত নিশা পৰ্যন্ত একাংশ ঠিকাদাৰে বিলৰ আশাত বোন্দাপৰ দিয়ে যদিও শেষমুহূৰ্তত বিফল মনোৰথে উভতি যাবলগীয়া হয়৷
আনকি কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন বেংকৰ আৰ্থিক সাহাৰ্যযুক্ত প্ৰকল্পসমূহৰো ধন আৱণ্টন দিয়াৰ পাছতো ৰাজ্য চৰকাৰে নিজৰ অংশ আদায় দিব নোৱৰাত সমস্ত পুঁজিয়েই উভতি যোৱাৰ অভিযোগ কৰিছে ঠিকাদাৰসকলে৷ তদুপৰি হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ গৈ ৰাজকোষ উদং হৈ পৰাৰ বাবেই ঠিকাদাৰক এতিয়া বিল আদায় দিবলৈ চৰকাৰৰ হাতত পুঁজিৰ অভাৱ বুলিও অভিযোগ উঠিছে৷ যাৰ বাবে সৰু-সুৰা কাম কৰা দুই এজন ক্ষুদ্ৰ ঠিকাদাৰ আৰু দিছপুৰৰ আশিস¸ধন্য কেইজনমান ঠিকাদাৰৰ বাহিৰে মুষ্টিমেয় ঠিকাদাৰেই এক শতাংশও ধন লাভ নকৰা বুলি অভিযোগ কৰিছে৷ এই মুহূৰ্তত ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ দ্বাৰা কেৱল কৰ্মচাৰীসকলক জোৰা-টাপলি মাৰি দৰমহাৰ ধনকেইটা আদায় দি আহিছে যদিও হিতাধিকাৰী আঁচনিৰ আৰ্থিক অনুদানৰ বাবে প্ৰতিমাহে ষ্টক নিলাম কৰি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’বলগীয়া হৈছে বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ৷ অৱশ্যে কোনো কোনো বিভাগৰ ঠিকাদাৰে যদিহে ১০ কোটি টকা লাভ কৰিব লাগিছিল, তেনে ঠিকাদাৰক ১০-২০ শতাংশ বিল অৰ্থাৎ সৰ্বাধিক ২ কোটি টকাহে মোকলাই দিছে৷ চৰকাৰৰ এই আৰ্থিক সংকটক লৈ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে বহু ঠিকাদাৰকে খৰ্গহস্ত হৈ পৰা দেখা গৈছে৷ মুঠৰ ওপৰত বিল মোকলাই নিদিয়াত ঠিকাদাৰ-যোগানিয়াৰসকলৰ এইবাৰ যে ৰঙালী বিহু কঙালী হ’ব, সেয়া স্পষ্ট হৈ পৰিছে৷ অভিযোগ অনুসৰি কেৱল লোকনিৰ্মাণ বিভাগতে ঠিকাদাৰক প্ৰায় ৭ হাজাৰ কোটি টকা বিল অনাদায় হৈ আছে৷ জলজীৱন মিছনৰ ১৪ হাজাৰ কোটি টকা বিলৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে মাত্ৰ ১০০ কোটি টকা মোকলাই দিছে যদিও শিক্ষা, পৰ্যটন, জলসম্পদ, জলসিঞ্চন আনকি গৃহ বিভাগৰ ঠিকাদাৰসকলেও বিল লাভ নকৰাৰ অভিযোগ কৰিছে৷